My Work Experiences in Assam Academy of Media Studies

Office boy হিচাপে কাম কৰি HS Exam দিছিলো


Life Is Beautiful

— Haren Injalr

অসম একাডেমী অফ মিডিয়া ষ্টাডিজ

Since 2016 নত মই অফিচ বয়, মানে পিয়নৰ job কৰিছিলো। মোৰ কাম হৈছে অফিচৰ তলা খোলা, ৰোম মুচা, সাৰা, কোনোবা নতুন Student Parents আহিলে চাহ দিয়া। চাহৰ বাচন ধোৱা। আৰু অফিচত কোন আহিছে চাইন লোৱা।

মোৰ Interview কেনেকৈ হৈছিল

মই হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছিলো। মোৰ কাম কৰাৰ বহুত ইচ্ছা। তেতিয়া ৰিহাবাৰীত নাম ৰেজিট্ৰেচন আৰু বেলতলাত PRC APPLY কৰি আহোতে চান্দমাৰীত লৰা এজনে এখন HEALTH ৰ কাৰ্ড ডিলে। মানে নেটৱৰ্ক মাৰ্কেটিং মাহত ৭ হাজাৰ টকা দৰমহা। মই ওলাই গলো শিলপুখুৰীলৈ।

শিলপুখুৰী চিনি নাপাও তেতিয়া। চান্দমাৰীত নামিলো। চান্দমাৰীৰ পৰা শিলপুখুৰীলৈ যাবলৈ বাচত উঠিলো, তাতে লগ পালো ঘৰৰ ওচৰৰ লৰা , জনি দা। জনি দাই সুধিলে , তুমি কত যাবা । মই কাৰ্ডখন দেখুৱালো HEALTH ৰ কাৰ্ড। জনি দাই কলে তই আমাৰ লগতে INTERVIEW দিব পাৰিবি, আমিও INTERVIEW দিব যাম। অকল চাহ বনোৱা।

অকল চাহ হে বনাব লাগে। মই চাহ বনোৱাত পাকৈত।

অসম একাডেমী অফ মিডিয়া ষ্টাডিজৰ ডাইৰেক্টৰ বিমল চৌধুৰী চাৰে INTERVIEW ললে। জনি দা আৰু বৰুন INTERVIEW দি আহিলে। এতিয়া মই গলো বিমল চাৰে কলে চাহ বনাব জনা। ঘৰৰ কাম কৰানে। মই হয় হয় কলো। কিমানত পঢ়ি আছা। কলো হায়াৰ ছেকেণ্ডাৰী। চাৰে কলে পৰীক্ষা কেনেকৈ দিবা , মই কলো ইয়াতে পঢ়ি দিম। দৰমহা কিমান লাগিব।( মোক জনি দাই কৈছিল ইয়াত ভাল ভাল চাৰ আছে, ৰেডিঅত, টিভিত কাম কৰা চাৰ আহে। বহুত ভাল)। গতিকে মই দৰমহা যিমান দিলেও হব। কাৰণ মোৰ টাৰ্গেট আছিল ইয়াত কাম কৰি COURSE কৰাৰ। এটা কথা মনত আছিল ভলৰ লগত থাকিলে ভালে হয়।

মই SELECT হলো, জনি দা REJECT.

তেতিয়াৰ পৰাই মই উন্নতিৰ জখলাত দিয়া প্ৰথমটো খোজ

2016

Leave a Comment

Your email address will not be published. Required fields are marked *